Sunday, July 9, 2017

কবি ৰাজশেখৰৰ জীৱন আৰু কৃৰ্তি Part-1


       মহাকবি কালিদাসৰ পিছতে সংস্কৃত সাহিত্যক গৌৰৱময় তথা সমৃদ্ধিশালী কৰি তোলা আন এজন প্ৰতিভাশালী কবি-নাট্যকাৰ তথা আলংকাৰিক হৈছে ৰাজশেখৰ। কবি ৰাজশেখৰৰ জীৱন আৰু

আৱিৰ্ভাৱ কাল সম্পৰ্কে বিস্তৃতভাৱে জানিব পৰা নাযায় যদিও অন্য কিছুসংখ্যক কবিয়ে তেওঁলোকৰ নিজৰ ৰচনাৰাজিত আগবঢ়োৱা তেওঁৰ নাম আৰু কৃৰ্তি লগতে ৰাজশেখৰে নিজৰ ৰচনাৱলীত আগবঢ়োৱা আত্মপৰিচয়মূলক বিবৃতিৰ পৰা তেওঁৰ জীৱন আৰু কাল সম্পৰ্কে জানিব পৰা যায়। প্ৰকৃততে তেওঁৰ ৰচনাৱলীয়েই তেওঁৰ জীৱন বৃত্ত্বান্তৰ পূৰ্ণ আধাৰ। ৰাজশেখৰৰ কৃতিও সংস্কৃত সাহিত্য জগতত অতুলনীয়। তেওঁৰ সমস্ত ৰচনাৱলী আজিও অনাৱিষ্কৃত যদিও যিখিনি পোৱা গৈছে সেয়াই তেওঁৰ মৌলিক প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি থৈ গৈছে। তেওঁৰ জীৱন আৰু কৃৰ্তি সম্পৰ্কে তলত আলোচনা কৰা হ’ল-

ৰাজশেখৰৰ জীৱন-
       প্ৰায় সংখ্যক সংস্কৃত কবি-নাট্যকাৰৰ দৰে ৰাজশেখৰৰ জীৱন-কালো আছিল উল্লেখনীয়কৱিবৰ ৰাজশেখৰে নিজৰ জীৱন সম্বন্ধে অনেক তথ্য নিজৰৰ ৰচনাৰ মাজত লিপিৱদ্ধ কৰি থৈ গৈছে। বালৰামায়ণৰ প্ৰস্তাৱনাত তেওঁ লিখি গৈছে যে তেওঁ মহাৰাষ্ট্ৰৰ চূড়ামণি কৱিবৰ অকাল জলদৰ নাতিয়েক আৰু দুহিক বা দুৰ্দকৰ পুত্ৰ হোৱাৰ  লগতে তেওঁৰ মাতৃ আছিল শীলাৱতী।
       বালৰামায়ণৰ উপৰিও বালভাৰত আৰু কাব্য-মীমাংসা আদিৰ পৰাও জনা যায় যে তেওঁ প্ৰাচীন মহাৰাষ্ট্ৰ অঞ্চলৰ অন্তৰ্গত বিদৰ্ভৰ সুবিখ্যাত যাযাবৰ ব্ৰাহ্মণ পৰিয়ালৰ সন্তান। তেওঁৰ উপৰি পুৰুষ অকাল জলদ, সুৰানন্দ আদিও আছিল সংস্কৃত সাহিত্যত পাণ্ডিত্য থকা লোক। সেই অনুযায়ী ৰাজশেখৰ আছিল কাব্য-চৰ্চা পৰম্পৰা থকা বিদ্ধান বংশৰ উত্তৰাধিকাৰী। যাযাবৰ কুলত জন্ম হোৱা হেতুকে কোনোৱে তেওঁক ব্ৰাহ্মণ, কোনোৱে আকৌ ক্ষত্ৰিয় বুলিও কব খোজে।
       শ্ৰেষ্ঠ কৃৰ্তি কৰ্পূৰমঞ্জৰীত তেওঁৰ জীৱন সম্পৰ্কীয় নানা তথ্য পোৱা যায়। প্ৰস্তাৱনাতে স্থাপক আৰু পাৰিপাৰ্শিকৰ কথোপকথনৰ জৰিয়তে তেওঁ ঘোষণা কৰিছে যে, তেওঁ আছিল সৰ্বভাষাতে পাৰ্গত ব্যক্তি (সব্বভাষা চউৰেণ)। সৰ্বভাষা মানে সংস্কৃতকে আদি কৰি প্ৰাকৃত-অপভ্ৰংশৰ কথা কোৱা হৈছে। কৰ্পূৰমঞ্জৰীৰ পৰায়ে জনা যায় যে তেওঁৰ পত্নী আছিল চৌহান বংশৰ ক্ষত্ৰিয়া অৱন্তী সুন্দৰী।
       তেওঁৰ সমসাময়িক কবি মৃগাংকলেখা কাব্যৰ ৰচক অপৰাজিতৰ উদ্ধিতিৰে নিজকে বালকবি, কবিৰাজ আৰু নিৰ্ভৰৰাজৰ উপাধ্যায় বা গুৰু বুলি অভিহিত কৰিছে । বালকবি অৰ্থৰে তেওঁ ‘তৰুণ কবি’ অৰ্থকে জ্ঞাপন কৰিছেজীৱনৰ প্ৰথমাৱস্থাৰ নৱবিকশিত কবি প্ৰতিভা আৰু সেই লৈ হোৱা তেওঁৰ নাম-যশৰ প্ৰতিষ্ঠাক লক্ষ্য কৰিয়েই বালকবি বা তৰুণ কবি বুলি নিজকে কৈছে। তেওঁ আছিল এগৰাকী কবিৰাজ। কবিৰ দহোটা শ্ৰেণীৰ কথা উল্লেখ কৰি তেওঁ কৈছৈ যে যিয়েই ভিন ভিন ভাষাত ভিন ভিন ৰসসমৃদ্ধ কাব্য ৰচনা কৰিব পাৰে তেওঁৱেই কবিৰাজ তেওঁ নিৰ্ভৰৰাজৰ (অৰ্থা মহেন্দ্ৰ পালৰ) উপাধ্যায় বা গুৰু হব পৰাতো এক গৌৰৱৰ কাৰণ বুলি নিজকে ভাৱিছিল।
       প্ৰেমৰ পৰিণতি স্বৰূপে ব্ৰাহ্মণ ৰাজশেখৰে চৌহান কুলৰ শিৰৰ মালাস্বৰূপ ক্ষত্ৰিয় ৰাজকুমাৰী অৱন্তীসুন্দৰীক বিবাহ কৰাই তেওঁ যে এক সুখী দাম্পত্য জীৱন অতিবাহিত কৰিব পাৰিছিল সেই কথা তেওঁৰ কৰ্পূৰমঞ্জৰীত স্পষ্টভাৱে কৈছে। অৱন্তীসুন্দৰী আছিল সংস্কৃত, প্ৰাকৃত উভয় ভাষাতে বিস্তৃত জ্ঞান থকা এগৰাকী বিদুষী ৰমণী। পত্নীৰ পৰা পোৱা সাদৰ-সহযোগৰ বাবে ৰাজশেখৰেও পত্নীৰ প্ৰতি ৰাজহুৱাকৈ স্বীকৃতি প্ৰদান কৰিছিল।
        ৰাজশেখৰৰ জীৱন কাল নিৰ্দিষ্টকৈ জানিব পৰা নাযায় যদিও কিছুমান উল্লেখৰ দ্বাৰা তেওঁক নৱম শতাব্দীৰ শেষ আৰু দশম শতাব্দীৰ আদি ভাগৰ কবি-নাট্যকাৰ আছিল বুলি কব পৰা যায়।ৰাজশেখৰে নিজকে ভৱভূতিৰ আৱতাৰ বোলাৰ উপৰিও তেওঁ উদ্ভট( অষ্টম শতিকা) আৰু আনন্দৱৰ্দ্ধন (নৱম শতিকা)ৰ গ্ৰন্থৰ উদ্ধৃতি দিছে। সেই অনুযায়ী তেওঁ ইয়াৰ পিছৰ কালৰে এগৰাকী কবি।

See next Part-2

No comments:

Post a Comment