আমি
জীয়াই থাকিম
অনন্ত
কালৰ বাবে
একমাত্ৰ
ভালপোৱাৰ বাবে
আমি
নিঃশেষ হৈ যাম
অনন্ত
কালৰ বাবে
একমাত্ৰ
ভালপোৱাক জীয়াই ৰাখিবলৈ
অসমৰ্থ
হোৱাৰ বাবে।
ভালপোৱাৰে
জীয়ই ৰখাৰ বিশ্বাসক
কোনোবাই
অলীক সপোন বুলি
ফু-মাৰি
উৰুৱাই দিব পাৰে
দিয়ক
না...।
আমি
তথাপি গায় যাম
ভালপোৱাৰ
জয়গান।
আহিলে
আহক কাল ধুমুহা্
বিধ্বংসী
প্ৰলয়
সেই
অলীক সপোনটোকে বুকুত বান্ধি
আগুৱাই
যাম
গাম...ভালপোৱাৰে জয়গান।
প্ৰকাশিত- বাৰ্তাপখিলী, জানুৱাৰী-২০১৬
No comments:
Post a Comment