বোৱাৰী পুৱাই
মাটি নেলেপাকৈ ৰখা
বেৰৰ মাজেদি
ৰঙাজিঞা এটা সোমাই আহে
আৰু ঠিক চকুৰ কাষতে পৰে
ৰঙা-নীলা সাতোৰঙী...
সপোনৰ ৰামধেনু সন্মুখত
শ শ সুৰ সম্বলিত
এটা সেউজীয়া কবিৰ গান
আৰু সিয়ে কবিৰ প্ৰাণ।
বাঢ়নীত আইৰ হাত আৰু বোৱাৰীৰ
নাঙলৰ সিৰলুত গজে
পিতাইৰ ধান
ককাইটিৰ হাতত দা
কুঁহিপাঠত আওৰাই নেওঁতা
মইনাই...
আৰম্ভ হয় সকলোৰে দৈনন্দিন কলাপ
জীয়াই থকাৰ সংগ্ৰাম
এখন নীলা আকাশ
এখন সেউজীয়া পথাৰৰ
ঠিকনা বিচাৰি...
প্ৰকাশিত - “বাৰ্তপখিলী”, অক্টোবৰ, ২০১৬
No comments:
Post a Comment