Saturday, July 22, 2017

ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল এক চমু আলোচনা (Part-1)

পৃথিৱীৰ বিভিন্ন ঠাইত অসংখ্যা ভাষা কোৱা হয়। সেইবোৰক এটা শৃংখলাৰ মাজলৈ আনিবলৈ ভাষা বৈজ্ঞানিকসকলে অহৰহ চেষ্টা চলাই আহিছে। পৃথিৱীৰ ভাষা সমূহৰ ধ্বনি, ৰূপ, শব্দ আদিৰ বৈশিষ্ট আৰু পাৰস্পৰিক সম্পৰ্ক
তথা ক্ৰমবিকাশৰ যি ধাৰা সেইবোৰ বিশ্লেষণ কৰি গোষ্ঠীভূক্ত কৰা হৈছে। পৃথিৱীৰ ভাষা সমূহৰ প্ৰায় দহটা মান ভাষা পৰিয়াল পোৱা যায়। যেনে- ইন্দোইউৰোপীয় বা ভাৰত-ইউৰোপীয়, ছেমীয়-হেমীয়, অষ্ট্ৰিক,দ্ৰাৱিড় ইত্যাদি। অৱশ্যে ভাষাবৈজ্ঞানিক সকলৰ এইক্ষেত্ৰত মতভেদ নথকা নহয়। তলত সৰ্ববৃহৎ ভাষা পৰিয়াল ইন্দোইউৰোপীয় বা ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল সম্পৰ্কে এক আলোচনা দাঙি ধৰা হ’ল।
মহত্ত্বঃ জগতৰ ভাষা পৰিয়ালবোৰৰ ভিতৰত আটাইতকৈ উল্লেখনীয় তথা মহত্ত্বপূৰ্ণ ভাষা পৰিয়ালটো হৈছে ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল। কেইবাটাও দিশৰ পৰা এই ভাষা পৰিয়ালৰটোৰ মহত্ব অপৰিসীম। জনসংখ্যাৰ ফালৰ পৰা যদি আমি চাওঁ দেখিবলৈ পাওঁ যে পৃথিৱীত এই পৰিয়ালৰ ভাষা কোৱা লোকৰ সংখ্যাই সৰহ। বেছিভাগ ভাষা পৰিয়াল কোনো এক সীমাৰ মাজত আবদ্ধ থকাৰ দৰে এই ভাষা পৰিয়াল কোনো এক নিৰ্দিষ্ট সীমাৰ মাজত আবদ্ধ নহয়। গোটেই পৃথিৱীজুৰি এই পৰিয়ালৰ ভাষা বিয়পি আছে। সাহিত্যৰ ফালৰ পৰাও এই পৰিয়ালৰ সমৃদ্ধি আন পৰিয়ালবোৰতকৈ ওপৰত। কেৱল ভাৰতবৰ্ষতে নহয় এছিয়া মহাদেশৰ আফগানিস্তান, পাকিস্তান, বেলুচিস্তানৰ উপৰি গোটেই ইউৰোপজুৰি এই পৰিয়ালৰ ভাষা বিস্তৃত হৈ আছে। ভাৰত-ইউৰোপীয় নামাংকণে ইয়াকে সূচাইছে। সভ্যতাৰ ফালৰ পৰাই হওঁক সংস্কৃতিৰ ফালৰ পৰাই হওঁক বা বৈজ্ঞানিক সাহিত্য ক্ষেত্ৰখনলৈ লক্ষ্য কৰিলেও এই ভাষা কোৱা লোকসকলেই অগ্ৰগামী অপ্ৰতিম। বিজ্ঞানৰ যিখিনি প্ৰগতি হৈছে সেইখিনি এই পৰিয়ালৰ ভাষাৰ মাজতে সংৰক্ষিত হৈ আছে। উদাহৰণস্বৰূপে- ইংৰাজী, জাৰ্মান, ফৰাছী আদি ভাষাৰ নাম আমি লব পাৰো। অকল এয়াই নহয় ৰাজনৈতিক পিনৰ পৰাও ই শক্তিশালী লোকৰ ভাষা। গতিকে আমি কব পাৰো যে জনসংখ্যা বিস্তাৰ, সাহিত্য, সংস্কৃতি, সভ্যতা, বৈজ্ঞানিক, ৰাজনৈতিক আৰু ভাষা-বৈজ্ঞানিক মহত্ত্ব এই সকলো ফালৰ পৰা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালে আন ভাষা পৰিয়ালবোৰৰ তুলনাত এক বিশেষ স্থান অধিকাৰ কৰি আছে।
নামাকৰণঃ ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালটোক বিভিন্ন নামেৰে নামাকৰণ কৰা হৈছিল । এই পৰিয়ালটোক প্ৰথমে “আৰ্য” বুলি অভিহিত কৰা হৈছিল। মেক্সমূলাৰৰ নিচিনা আদি কিছুমান পণ্ডিতে এই আৰ্য নামটোক সমৰ্থনো আগবঢ়াইছিল । পিছত এই আৰ্য নামটো এই পৰিয়ালৰে এটা শাখাক বুজোৱা হ’ল। যিটো শাখাত ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ প্ৰাচীন সাহিত্য সমূহ সংৰক্ষিত হৈ আছে। আৰ্য নামটোৰ পিছত ভাৰত-জাৰ্মানীয় নামটো প্ৰচলিত হয়। ইয়াৰ কাৰণ পৰিয়ালটোৰ পূৱৰ পিনে ভাৰতীয় ভাষাবোৰে আৰু পশ্চিমৰ পিনে জাৰ্মানীয় ভাষাবোৰে প্ৰতিনিধিত্ব কৰি আছিল। ইয়াৰ পিছত কিছুমানে ভাৰত-কেল্টীয় নামটোৰ প্ৰচলনৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয়। এনেদৰে নামবোৰ সলনি কৰি থকাটো সম্ভৱ নোহোৱাত ইয়াৰ যি প্ৰাচীন নাম ভাৰত-ইউৰোপীয় বা ইন্দো-ইউৰোপীয় সেই নামটোকে গ্ৰহনযোগ্য বিবেচনা কৰি প্ৰচলিত হৈ থাকিল। ইন্দো-ইউৰোপীয় নামটো উদ্ভাৱন কৰিছিল থমাছ য়ুঙ নামৰ ভাষাবিদ এজনে।
জন্ম-স্থানঃ ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালটোৰ জন্ম-স্থান ক’ত সেই সম্পৰ্কে পণ্ডিতসকলৰ মাজত বিভিন্ন মতামত থকা দেখা যায় । এতিয়াও ইয়াৰ এটা সঠিক সিন্ধান্ত কৰিব নোৱাৰি। অনুসন্ধানকাৰী সকলৰ প্ৰথম দলটোৱে এছিয়াতে ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালটোৰ জন্ম-স্থান বুলি ঠিক কৰিছিল। পিছলৈ ইউৰোপহে ইয়াৰ জন্ম-স্থান বুলি ধৰা হ‘ল। বহুতৰ মতে পৰিয়ালটোৰ জন্ম-স্থান ইউৰোপৰ মধ্যভাগ। ইয়াৰ পিছত ক্ৰমে- উত্তৰ-মধ্য-জাৰ্মানী, লিথুনীয়া,ডানিউব-উপত্যাকা, দক্ষিণ-ৰুছ-দেশ আদিক জন্ম-স্থান হিচাপে ধৰা হৈছিল। কিন্তু ইয়াৰ ভৌগলিক দিশ আৰু শব্দৰ ভাণ্ডাৰৰ প্ৰতি লক্ষ্য কৰি ইয়াৰ জন্ম-স্থান ইউৰোপ বুলি সিন্ধান্ত কৰা হৈছে। ইন্দো-ইউৰোপীয় নামাকৰণৰ মূলতে হল এই ভাষাগোষ্ঠী ইউৰোপৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষ পৰ্যন্ত বিয়পি আছে।

ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ বৈশিষ্টঃ
১. ই প্ৰত্যয় প্ৰধান ভাষা।
২. ই সংযোগাত্মক স্তৰৰ পৰা বিয়োগাত্মক স্তৰলৈ গতি কৰা দেখা যায়।
৩. বাক্যবিন্যাসত পূৰ্ব-প্ৰত্যয়ৰ অভাৱ।
৪. শব্দবোৰৰ সমাস কৰিব পৰা ক্ষমতা আছে।
৫. অপশ্ৰুতিৰ ব্যৱহাৰ । (অৰ্থাৎ একে মূলৰ পৰা অহা নিৰ্দিষ্ট ক্ৰমত সৃষ্ট শব্দৰ লগতে অৰ্থৰ পৰিবৰ্তন। যেনে- ইংৰাজী- sing, sang, sung, সং- দশৰথ, দাশৰথি।)
৬. ই বহিৰ্মুখী, শ্লিষ্ট ।


see next part-2

1 comment:

  1. Why You Should Know This Blackjack Game That Can Be Played
    Playing blackjack online — Blackjack is played at any casino 메이저 바카라 사이트 or hotel, But the strategy behind 제주도 출장샵 blackjack 삼척 출장안마 is so 논산 출장샵 good that 여수 출장샵 people

    ReplyDelete