Thursday, July 20, 2017

কবি ৰাজশেখৰৰ জীৱন আৰু কৃৰ্তি Part-2

 ৰাজশেখৰৰ কৃতি-
       সংস্কৃত সাহিত্য জগতলৈ ৰাজশেখৰৰ কৃতি অনবদ্য। ৰাজশেখৰৰ নামত বৰ্তমানলৈ পাঁচখন গ্ৰন্থ পোৱা গৈছে। ইয়াৰে চাৰিখন নাটক আৰু এখন অলংকাৰ শাস্ত্ৰমূলক। তেওঁৰ এই উল্লেখযোগ্য ৰচনাৰাজি সমূহ হ’ল- কৰ্পূৰমঞ্জৰী, বালৰামায়ণবালভাৰত, বিশ্বশালভঞ্জিকা আৰু কাব্য-মীমাংসা।
       ৰাজশেখৰৰ সৰ্বোৎকৃষ্ট ৰচনা হ’ল কৰ্পূৰমঞ্জৰী ৰাজশেখৰেই ভাৰতীয় নাট্য সাহিত্যত প্ৰথম যিয়ে সট্টক নামাকৰণৰ এক নাট্য শ্ৰেণীৰ প্ৰতিষ্ঠা কৰে আৰু কৰ্পূৰমঞ্জৰী হৈছে সেই সট্টক শ্ৰেণীৰ প্ৰথম নিদৰ্শন। তেওঁৰ এই সট্টক খনত প্ৰেম,প্ৰেমৰ সুন্দৰ স্বৰূপ, নাৰী সৌন্দৰ্যৰ মনোমোহা বৰ্ণনাৰ উপৰি মিলনৰ এনে সুন্দৰ ভাৱে নাটখনি সামৰণি মৰা হৈছে যে তেওঁৰ ব্যক্তিগত প্ৰেমৰ মধুৰ অভিজ্ঞতা এইক্ষেত্ৰত বিশেষভাৱে কাৰ্যকৰী হৈ উঠিছিল।
       বালৰামায়ণ ৰাজশেখৰৰ দহোটা অংকযুক্ত এখন মহানাট। ভাৰতীয় নাট্য সাহিত্যত এনে বৃহৎ কলেৱৰৰ নাট পাবলৈ বিৰল। ই ৰাম কথাৰ ভেটিত ৰচিত। সীতা সয়ম্বৰৰ পৰা আৰম্ভ কৰি ৰামে অযোধ্যালৈ উভতি অহালৈ ৰামায়ণৰ কথাসমূহ ইয়াত ঠাই পাইছে।
বালৰামায়ণৰ দৰে বালভাৰত ৰাজশেখৰৰ আন এক উল্লেখযোগ্য নাট। এই নাটখনক প্ৰচণ্ড পাণ্ডৱ নামেও জনা যায়। নাটখনৰ দুটা অংকহে পোৱা গৈছেনাটখন সম্পূৰ্ণ ৰূপত পোৱা হোৱা নাই। যি দুটা অংক পোৱা গৈছে তাত দ্ৰোপদীৰ স্বয়ম্বৰ, কৌৰৱ পাণ্ডৱৰ পাশাখেল, দ্ৰোপদীৰ বস্ত্ৰহৰণ আৰু পাণ্ডৱৰ বনবাসৰ নাট্যৰূপ পোৱা যায়।
       বিদ্ধশালভঞ্জিকা তেওঁৰ চাৰি অংকযুক্ত নাট। কাহিনীটো প্ৰায় কৰ্পূৰমঞ্জৰীৰ সমপৰ্যায়ৰ প্ৰণয়মূলক কাহিনীৰে সমৃদ্ধ। এই নাটখন মালবিকাগ্নিমিত্ৰম নাটকৰ আৰ্হিত ৰচিত। বিদ্যাধৰমল্লনামে ৰাজকোঁৱৰ আৰু মৃগাঙ্কৱতী আৰু কুবলয়মালা নামে দুজনী ৰাজকুঁৱৰীৰ প্ৰণয়কাহিনীক উপজীৱ্য কৰি নাটখন ৰচিত হৈছে।
       অলংকাৰ শাস্ত্ৰ সম্বন্ধীয় তথা ৰাজশেখৰৰ জীৱনৰ শেষ কৃীৰ্তি হৈছে কাব্য-মীমাংসা। পৰিপূৰ্ণ সাহিত্য সম্বন্ধীয় জ্ঞানেৰে এক বৃহৎ পৰিকল্পনাৰে তেওঁ এই গ্ৰন্থৰ কাম আৰম্ভ কৰিছিল যদিও সম্পূৰ্ণ নহ’ল। গ্ৰন্থখনিৰ যিখিনি পোৱা গৈছে সিয়েই তেওঁৰ পাণ্ডিত্য তথা মৌলিকতাৰ স্বাক্ষৰ বহন কৰিছে।
       ৰাজশেখৰৰ নামত অনাৱিষ্কৃত কেইখনমান গ্ৰন্থও পোৱা গৈছে তাৰ ভিতৰত হৰিবিলাস আৰু ভুৱনকোষ। হৰিবিলাস আছিল এখন কাব্য আৰু ভুৱনকোষ নাম অনুসৰি ই শব্দব্যুৎপত্তিমূলক গ্ৰন্থই হব পাৰে বুলি অনুমান কৰা হৈছে। বালৰামায়ণৰ প্ৰস্তাৱনাত ষটপ্ৰৱন্ধান(ছটা প্ৰৱন্ধযুক্ত) নামে ৰচনাৰ কথাও জনা যায়। যি বৰ্তমানলৈকে লুপ্ত। এয়া আছিল কবি-নাট্যকাৰ ৰাজশেখৰৰ  ভাৰতীয় সাহিত্য জগতলৈ আগবঢ়োৱা উল্লেখনীয় কৃৰ্তি।

সামৰণিঃ-
      যদিও ৰাজশেখৰৰ জীৱন বৃত্ত্বান্তৰ সঠিক সিন্ধান্ত কৰিব নোৱাৰি তথাপি তেওঁ যে  নৱম শতাব্দীৰ শেষ আৰু দশম শতাব্দীৰ আদি ভাগৰ কবি-নাট্যকাৰ সেইকথা নিৰূপন কৰা বৰ বেছি অসুবিধা নহয়। ঘৰুৱা কাব্য-চৰ্চাৰ পৰম্পৰাৰ উপৰি পত্নী অৱন্তী সুন্দৰীৰ পোৱা প্ৰেৰণা তথা সহায়-সহযোগে যে ৰাজশেখৰৰ উত্তোৰোত্তৰ উন্নতিত বিশেষ সহায়ক হৈ পৰিছিল সেই কথা তেওঁৰ ৰচনাৰাজিৰ উল্লেখৰ দ্বাৰা বিশেষভাৱে জনা যায়। অনাৱিষ্কৃত হোৱা ৰচনাখিনিৰ কথা বাদ দিলেও যিখিনি বৰ্তমান সংৰক্ষিত হৈ আছে তাৰপৰাই কব পাৰি যে তেওঁৰ মৌলিক প্ৰতিভা স্বদীপ্তমান। তাৰ উৎকৃষ্ট নিদৰ্শন হৈছে এক অভূতপূৰ্ব লোক-নৃত্য সংযোজনেৰে প্ৰাকৃতৰ মাধ্যমত এক নতুন নাট্যশ্ৰেণী সৃষ্টি কৰাৰ ক্ষমতাত তেওঁৰ এই উল্লেখনীয় অৱদান ভৱিষ্যত পুৰুষৰ হাতত সদায় জিলিকি থাকিব।





সহায়ক গ্ৰন্থপঞ্জীঃ-
১. ঠাকুৰ, নগেন –প্ৰাকৃত সাহিত্যৰ অধ্যয়ন’, জ্যোতি প্ৰকাশন,তৃতীয় প্ৰকাশ ২০০৭ পাণবজাৰ,গুৱাহাটী-১
২. . ঠাকুৰ, নগেন –প্ৰাকৃত সাহিত্য চয়ন’, জ্যোতি প্ৰকাশন,পঞ্চম সংস্কৰণ ২০১১ পাণবজাৰ,গুৱাহাটী-১
৩. শৰ্মা, থানেশ্বৰ- সংস্কৃত সাহিত্যৰ ইতিবৃত্ত, চন্দ্ৰ প্ৰকাশ,তৃতীয় প্ৰকাশ ২০১২ পাণবজাৰ,গুৱাহাটী-১




No comments:

Post a Comment