Thursday, July 20, 2017

ৰসৰ স্বৰূপ আৰু ৰস সম্পৰ্কে বিভিন্ন আলংকাৰিকৰৰ মতামত (Part-1)


       ৰসনো কি বা ৰসৰ স্বৰূপনো কি সততে কৈ দিব নোৱাৰি । ৰস শব্দৰ সাধাৰণ অৰ্থ স্বাদ বা সোৱাদ। যাৰ সোৱাদ লোৱা হয় সিয়েই ৰস। সংস্কৃত ৰস ধাতুৰ অৰ্থ হ‘ল আস্বাদন কৰা। সামাজিক পৰিবেশত ৰস শব্দই কোনো বস্তুৰ জুলীয়া অৱস্থাক বুজালেও সাহিত্যত ইয়াৰ অৰ্থ বেলেগ। কাব্য, নাটক আদিৰ মাজেদি প্ৰকাশ পোৱা এক প্ৰকাৰৰ অলৌকিক অনুভূতিক সাহিত্যত ৰস বুলি কোৱা হয়।ৰস সম্পৰ্কে আলংকাৰিক পণ্ডিতসকলে তেওঁলোকৰ নিজা নিজা মতবাদ আগবঢ়াইছে । এই মতবাদবোৰৰ কোনোটো মতবাদক আমি গ্ৰহণযোগ্য বুলি কম সেইয়া গুৰুত্বপূৰ্ণ বিষয়।
       ৰসতত্ত্বৰ প্ৰথম প্ৰৱৰ্তক হ ভৰত মুণি। ভৰতৰ মতে ৰসৰ অবিহনে বাক্যৰ কোনো অৰ্থৰে উপক্ৰম হব নোৱাৰে। ভৰতে তেওঁৰ নাট্যশাস্ত্ৰৰ ষষ্ঠ অধ্যায়ত ৰস সম্পৰ্কে বাখ্যা আগবঢ়াইছে । তেওঁৰ মতে ৰসৰ সুপ্ৰসিদ্ধ সূত্ৰ হল- বিভাৱানুভাৱব্যভিচাৰ সংযোগাদ ৰস নিষ্পত্তিঃ অৰ্থা বিভাৱ অনুভাৱ আৰু ব্যভিচাৰি ভাৱৰ সংযোগত ৰসৰ নিষ্পত্তি হয়। এই সংযোগ কাৰ লগত হয় ? ভৰতমুণিয়ে এই সূত্ৰটোৰ নিজেই গদ্যাত্মক ব্যখ্যা দিছে তাৰ পৰাই বুজিব পাৰি যে বিভাৱ আদি ভাৱৰ সংযোগ ঘটে স্থায়ী ভাৱৰ লগত।
       ভৰতৰ ৰসৰ সূত্ৰক ভালদৰে অনুধাৱন কৰিবলৈ হলে প্ৰথমে স্থায়ীভাৱ, বিভাৱ, অনুভাৱ আদি পাৰিভাষিক শব্দবোৰ জানিবলগীয়া হয়। তলত এই সম্পৰ্কে আনোচনা কৰা হল-

ভাৱ- কোনো বিষয় অধ্যয়ণ কৰোতে, কোনো ঘটনা দেখোতে বা শুনোতে মানুহৰ মনত যি সুখ-দুখ আদি অৱস্থাৰ প্ৰাপ্তি হয় তাকে ভাৱ বুলি কোৱা হয়।

স্থায়ী ভাৱ-
      সকলো মানুহৰ অন্তৰতে কম-বেছি পৰিমাণে সহজাত প্ৰবৃত্তি কিছুমান থাকে। যেনে- ৰতি বা ভালপোৱা। সকলো মনুষ্যৰে আনক ভাল পাবৰ কাৰণে এটা সহজাত প্ৰবৃত্তি থাকে । সেইদৰে ভয় নামৰ চিত্তবৃত্তিটোও কম-বেছি পৰিমাণে সকলো মনুষ্যৰ অন্তৰত থাকে । এনে ৰতি, ভয় এনে সহজাত প্ৰবৃত্তিবোৰক স্থায়ীভাৱ বুলি কোৱা হয়। ভৰতে এনে স্থায়ীভাৱ আঠপ্ৰকাৰৰ বুলি কৈছে। সেইবোৰ হল-ৰতি, হাস, শোক, ক্ৰোধ, উসাহ, ভয়, জুগুপ্সা আৰু বিষ্ময়। ইয়াৰ লগত আনন্দৱৰ্ধন আৰু অভিনৱ গুপ্ত আদিয়ে শম বা নিৰ্বেদ নামৰ নৱতম স্থায়ী ভাৱৰ স্বীকাৰ কৰিছে। এই নটা স্থায়ী ভাৱৰ পৰাই ন বিধ ৰসৰ উপত্তি । যেনে- ৰতি বা ভালপোৱাৰ পৰা শৃংগাৰ ৰস, হাসৰ পৰা হাস্য, শোকৰ পৰা কৰুণ, ক্ৰোধৰ পৰা ৰৌদ্ৰ, উসাহৰ পৰা বীৰ, ভয়ৰ পৰা ভয়ানক, জুগুপ্সাৰ পৰা বীভস, বিষ্ময়ৰ পৰা অদ্ভুত আৰু সমৰ পৰা শান্ত ৰসৰ উপত্তি।
বিভাৱ-
       স্থায়ীভাৱ বিলাক যদিও সহজাতভাৱে আমাৰ অন্তৰত থাকেই তথাপি কিন্তু অনবৰতে সেইবোৰ অনুভূতিগোচৰ হৈ নাথাকে। উদাহৰণ স্বৰূপে- ক্ৰোধ যদিও এটা স্থায়ীভাৱ তথাপি আমাৰ অন্তৰত অনবৰতে খং উঠি নাথাকে। একোটা বিশেষ পৰিস্থিতিত বা একোটা বিশেষ কথাৰ প্ৰতিহে আমাৰ খং উঠে। গতিকে যোতিয়া স্থায়ীভাৱ এটা অনুভূতিগোচৰ হৈ পৰে অৰ্থা ধৰা পৰে তাক বিভাৱ বুলি কোৱা হয়। বিভাৱ দুই প্ৰকাৰৰ- (ক) আলম্বণ বিভাৱ আৰু (খ) উদ্দীপন বিভাৱ।
(ক) আলম্বণ বিভাৱ-      যি ব্যক্তি বা বিষয়ক আলম্বণ কৰি বা আশ্ৰয় কৰি অৰ্থাযাক উদ্দেশ্য কৰি ৰতি আদি স্থায়ীভাৱবোৰ জাগৃত হয় আৰু অনুভৱযোগ্য হয় সেইয়া হৈছে- আলম্বণ বিভাৱ। যেনে- কাব্য বা নাটকত যদি শকুন্তলাৰ প্ৰতি দুষ্যন্তৰ প্ৰেমভাৱ জাগি উঠিছে তেনহলে দুষ্যন্তৰ অন্তৰত শকুন্তলাৰ প্ৰতি যি ৰতি ভাৱ সেই ভাৱৰ শকুন্তলা হব আলম্বণ।
(খ) উদ্দীপন বিভাৱ-      যি পৰিস্থিতি বা পাৰিপাৰ্শিক অৱস্থাই উদ্ৰিক্ত স্থায়ীভাৱ এটাক পৰিপুষ্ট বা উদ্দীপীত কৰি তোলে তাকে সেই স্থায়ীভাৱটোৰ উদ্দীপন বিভাৱ বোলে। যি পৰিস্থিতিয়ে স্থায়ীভাৱ এটাক উদ্দীপীত হোৱাত সহায় কৰে সেয়াই উদ্দীপন বিভাৱ। যেনে- বসন্ত কাল, নদীৰ তীৰ, নিৰ্জনতা, সন্ধ্যা সময় ইত্যাদি হৈছে ৰতি ভাৱৰ উদ্দীপন বিভাৱ।
অনুভাৱ-   
      কোনো নায়ক-নায়িকাৰ অন্তৰত কোনো এটা স্থায়ীভাৱ উদ্ৰিক্ত হলে তেওঁৰ শৰীৰৰ ভংগী, মুখৰ বচন আদিৰ দ্বাৰা সেই বিশেষ স্থায়ীভাৱটো যে উদ্ৰিক্ত হৈছে গম পোৱা যায়, সেইয়াই হৈছে অনুভাৱ। অৰ্থানায়িকাৰ যদি নায়কৰ প্ৰতি ভালপোৱা ভাৱ উদ্ৰিক্ত হৈছে চকুৰে কটাক্ষ কৰি চাৱ। কাৰোবাৰ প্ৰতি যদি খং উঠিছে হাত দাঙি খেদা মাৰিব নতুবা মুখৰ কথন আচহুৱা হব।
ব্যভিচাৰি ভাৱ-    

       স্থায়ীভাৱৰ আনুসংগিকৰূপে আৰু কিছুমান চিত্তবৃত্তিৰ উদয় যিবিলাক স্থায়ীভাৱৰ দৰে সহজাত নহয় অথচ যিকোনো স্থায়ীভাৱক আশ্ৰয় কৰি ইহঁত সাময়িকভাৱে উদয় হয়। যেনে- অসূয়া, ব্ৰীড়া(লজ্জা) ইত্যাদি। ধৰাহল, নায়িকাৰ লগত মিলন নোহোৱাৰ ফলত তেওঁৰ মন ভাগি পৰিছে আৰু মনত নৈৰাশ্যৰ ভাৱ উদয় হৈছে । নায়কৰ প্ৰতি নায়িকাৰ ৰতি ভাৱ জাগি উঠিছে কিন্তু লাজতে তেওঁৰ ফালে চাব পৰা নাই ইত্যাদি। ব্যভিচাৰি ভাৱ হঠাতে উদয় হয় আৰু হঠানাইকিয়া হয়। সেয়েহে ইয়াক সঞ্চাৰী ভাৱ বুলিও কব পৰি।
See next Part-2

8 comments:

  1. বৰগীত আৰু শাস্ত্ৰীয় সংগীতৰ গীত সমূহত ৰসৰ ব্যৱহাৰ কিদৰে হয় সেই সম্পৰ্কে জনাৰ ইচছা

    ReplyDelete
  2. সাহিত্যত কোনবিধ ৰসক শ্ৰেষ্ঠবুলি কোৱা হয়?আলংকাৰিসকলে দিয়া ভিন্ন মতৰ আধাৰত এটি আলোচনা আগবঢ়োৱা?

    ReplyDelete
  3. অনুভাৱ কেইবিধ আৰু কি কি?

    ReplyDelete